Yaba Tablets seized: গড়চুকত ২০ হাজাৰটা য়াবা টেবলেট জব্দ - যুটীয়া আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্ত
মহানগৰীত পুনৰ জব্দ নিচাজাতীয় টেবলেট (Anti drugs operation in Guwahati) ৷ এইবাৰ নতুন কৌশল ব্যৱহাৰ কৰি সৰবৰাহ কৰা হৈছে য়াবা টেবলেট ৷ শনিবাৰে যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত গড়চুকত এখন যাত্ৰীবাহী বাহনত আৰক্ষীৰ এটা দলে অভিযান চলাই প্ৰায় প্ৰায় ২০ হাজাৰটা য়াবা টেবলেট জব্দ কৰে (Yaba tablets worth rs 5 crore seized at Garchuk) ৷ লগতে দুটা সৰবৰাহকাৰীকো আটক কৰে ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে ৰাজীৱ মিয়া আৰু ৰেকিব আহমেদ বুলি আৰক্ষীয়ে জনায় (Drugs paddler detain at Garchuk) ৷ ধৃত দুই সৰবৰাকাৰীয়ে মিস্ত্ৰীৰ ৰূপত জালাই মেচিনত ভৰাই লৈ গৈছিল নিচাজাতীয় টেবলেটখিনি ৷ ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ মানকাচৰত ৷ জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই ৷
Last Updated : Feb 3, 2023, 8:31 PM IST