অসম

assam

আহিনমহীয়া বানত জুৰুলা হৈছে লোগুটিবাসী

ETV Bharat / videos

Flood in Majuli: আহিনমহীয়া বানত জুৰুলা লোগুটিবাসীৰ ক্ষোভৰ প্ৰতি কাণসাৰ নাই চৰকাৰৰ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:17 PM IST

ধেমাজি, 12 অক্টোবৰ : ধেমাজি জিলাৰ লোগুটিত আহিন মাহতো অব্যাহত আছে বানৰ তাণ্ডৱ ৷ এজাক বৰষুণতেই খৰস্ৰোতা কামিয়া নদীয়ে প্লাবিত কৰে অঞ্চলটো ৷ স্থানীয় ৰাইজে জনোৱা মতে, বিগত চাৰিবছৰ পৰা কামিয়া নদীয়ে পাহাৰৰ সমীপৱৰ্তী লোগুটিৰ 65 টা পৰিয়ালক জ্বলা-কলা খুৱাই আহিছে ৷

এইবছৰৰ ফাগুণ মাহৰ পৰাই এটাৰ পিচত আনটো বানৰ কবলত পৰি সৰ্বস্বান্ত হৈছে অঞ্চলটো ৷ ধৰাবাহিক বানৰ বাবে কিছুলোকে ঘৰ-বাৰী এৰি নিৰাপদ ঠাইত আশ্ৰয় লৈছে যদিও গাঁওখনৰ সৰহ সংখ্যকেই পানী বোকাৰ মাজতে সহৱস্থান কৰি জীৱন কটাই আহিছে ৷ এতিয়ালৈ প্ৰশাসনৰ ফালৰ পৰা মাত্ৰ এবাৰহে বান সাহায্য প্ৰদান কৰা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বাৰিষাৰ সময়ত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ধেমাজিলৈ আহি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছিল যে, যোৱা বছৰৰ পৰা ধেমাজিত বানপানী নাই ৷ আগতে বাতৰি লিখি সাংবাদিকে ভাগৰি পৰে ৷

এতিয়া প্ৰশ্ন উত্থাপন হয় যে ধেমাজিৰ লোগুটি অঞ্চলত হৈ থকা এই বানক মন্ত্ৰীগৰাকীয়ে বা কি বুলি কয় ?

লগতে পঢ়ক:Drugs paddler arrested: খানাপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details