অসম

assam

বাঘ মানুহৰ সংঘাত

ETV Bharat / videos

Street play to tiger human conflict: বাঘ আৰু মানুহৰ সংঘাত ৰোধৰ বাবে সজাগতামূলক বাটৰ নাট - সজাগতামূলক বাটৰ নাট

By

Published : May 4, 2023, 10:00 PM IST

নগাঁও, 4 মে’ :বিশ্ব বন্যপ্ৰাণী কোষ চমুকৈ ডব্লিউ. ডব্লিউ. এফ. (WWF : World Wildlife Fund) এ বাঘ মানুহৰ সংঘাত ৰোধৰ বাবে এক সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে ৷ বাঘ-মানুহৰ সংঘাত ৰোধৰ বাবে বাঘক লৈ আতংকিত নহ’বৰ বাবে WWF এ কলিয়াবৰ চাহ বাগিছাত চাহ শ্ৰমিকসকলৰ সন্মুখত প্ৰদৰ্শন কৰে এখন বাটৰ নাট । জনাঞ্চলত বাঘ ওলালে কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে হৈ চৈৰ সৃষ্টি নকৰি শংকামুক্ত হ’ব পাৰি সেই সম্পৰ্কে বাটৰ নাটৰ জৰিয়তে সজাগতা সৃষ্টি কৰে WWF এ (street play to prevent tiger human conflict) ।

বাঘে গো-ধন নিধন কৰিলে কেনেদৰে ক্ষতিপূৰণ লাভ কৰিব পাৰি সেই বিষয়েও WWF য়ে বিস্তৃতভাৱে বাটৰ নাটৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰে । কলিয়াবৰ মহকুমা প্ৰশাসন, শিলঘাট বনবিভাগৰ সহযোগত কলিয়াবৰ চাহ বাগিছাৰ লগতে সোণাৰী-কামাখ্যা গাঁৱতো WWF য়ে প্ৰদৰ্শন কৰে বাটৰ নাট (Tiger human conflict)।

উল্লেখযোগ্য যে, বিগত প্ৰায় চাৰিমাহ ধৰি কলিয়াবৰ চাহ বাগিছাত অৱস্থান কৰিছে ঢেকীয়াপতীয়া বাঘৰ এটা পৰিয়ালে । বাঘৰ বিচৰণত আতংকিত হৈ পৰিছে চাহ শ্ৰমিকসকল । জনাঞ্চলত গো-ধন নিধন কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে বাঘে । বাঘ-মানুহৰ সংঘাত ৰোধৰ বাবে WWF য়ে সজাগতাৰ বাবে প্ৰদৰ্শন কৰা বাটৰ নাট উপভোগ কৰি কিছু হ’লেও উপকৃত হৈছে অঞ্চলবাসী (WWF Tiger Awareness Street Play at Kaliabor)।

লগতে পঢ়ক :Naga aggression at Mariani : অসমৰ মাটিত নগাক নিদিলে প্ৰাণে মৰাৰ ভাবুকি অসমীয়াক

ABOUT THE AUTHOR

...view details