অসম

assam

নদী দ্বীপ মাজুলীতো পালন বিশ্ব পৰ্যটন দিৱস

ETV Bharat / videos

World tourism day 2023 : নদী দ্বীপ মাজুলীতো পালন বিশ্ব পৰ্যটন দিৱস - Mask Making Culture of Majuli

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 4:28 PM IST

মাজুলী, 27 ছেপ্টেম্বৰ :বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিশ্বৰ লগতে নদীদ্বীপ মাজুলীতো পালন কৰিছে বিশ্ব পৰ্যটন দিৱস ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সামাজিক, সাংস্কৃতিক তথা সমাজৰ বিভিন্ন উপাদান সামৰি এক গোট কৰাৰ উদ্দেশ্যৰে তথা নিজ নিজ সংস্কৃতি অন্য ঠাইৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে পালন কৰা হয় এই দিৱস ৷ 

বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি সত্ৰভূমি মাজুলীৰ জিলা সদৰ গড়মূৰৰ ৰাজপথত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ নতুন আশা নতুন উদ্যমেৰে মাজুলীলৈ পৰ্যটকসকলক আৰ্কষণ কৰা উদ্দ্যেশেৰে পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত কেইজনমান যুৱকৰ প্ৰচেষ্টাত উক্ত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ।

ইফালে মাজুলীৰ বিভিন্ন সংস্কৃতি, সত্ৰ চাই অভিভূত হোৱা বুলি উল্লেখ কৰে বিদেশী পৰ্যটকে ৷ 

লগতে পঢ়ক:Bhaona performed: শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মাজুলীত শিশুৰ দ্বাৰা মঞ্চস্থ কেলিগোপাল নাট 

ABOUT THE AUTHOR

...view details