অসম

assam

বিশ্ব পৰ্যটন দিৱস উপলক্ষে শিৱসাগৰত বিশেষ কাৰ্যসূচী

ETV Bharat / videos

World Tourism Day 2023: বিশ্ব পৰ্যটন দিৱস উপলক্ষে শিৱসাগৰত বিশেষ কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 12:04 PM IST

শিৱসাগৰ,27 ছেপ্টেম্বৰ :আজি বিশ্ব পৰ্যটন দিৱস । এই দিৱস উপলক্ষে বুধবাৰে শিৱসাগৰত অসম পৰ্যটন বিভাগৰ উদ্যোগত দিন জোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী । উক্ত কাৰ্যসূচী উপলক্ষে পুৱা সমূহীয়া দৌৰ অনুষ্ঠিত কৰা হয় । শিৱসাগৰৰ বৰপুখুৰী পাৰৰ পৰা আৰম্ভ হোৱা এই দৌৰ ৰংঘৰৰ বাকৰিত সামৰণি পৰে । 

প্ৰবীণ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু তৈয়বুন নিচাৰ উপস্থিতিত শিৱসাগৰ নগৰৰ পৰ্যটন কাৰ্যালয়ৰ সন্মুখৰ পৰা সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে ৰাজ্য চৰকাৰৰ পৰ্যটন আৰু জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । সমূহীয়া দৌৰত জিলাখনৰ 4 শতাধিকৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । কাৰ্যসূচীৰ অংশৰূপে ফটো প্ৰদৰ্শনী, কৰ্মশালা, বঁটা বিতৰণী, সাংস্কৃতিক আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । 

লগতে পঢ়ক:Death anniversary of Piyali Phukan : আজিও উপেক্ষিত হৈ ৰ’ল স্বাধীনতা আন্দোলনৰ শ্বহীদ পিয়লি-জীউৰাম

ABOUT THE AUTHOR

...view details