World Pharmacists Day at DU: ফাৰ্মাচিষ্টসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে DU ত আয়োজন বিশ্ব ফাৰ্মাচিষ্ট দিৱস - বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ কাৰ্যসূচী
Published : Sep 26, 2023, 7:07 AM IST
ডিব্ৰুগড় , 26 ছেপ্টেম্বৰ : প্ৰতিবছৰে 25 ছেপ্টেম্বৰৰ দিনটো বিশ্ব ফাৰ্মাচিষ্ট দিৱস হিচাবে পালন কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত লেখীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেন্ট অৱ ফাৰ্মাচিউটিকেলৰ উদ্যোগত সোমবাৰে আয়োজন কৰা হয় এই বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ কাৰ্যসূচী । বৰ্তমান সময়ত ফাৰ্মাচিষ্টসকলৰ অবিহনে স্বাস্থ্যখণ্ড গতিশীল কৰা সম্ভৱ নহয় । সেয়ে ফাৰ্মাচিষ্টক উৎসাহিত কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এই দিৱসটি ।
সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই কাৰ্যসূচীত তিনিজন ফাৰ্মাচিষ্টক পুৰস্কৃত কৰা হয় । এই অনুষ্ঠানতে অসম চিকিৎসা মহাবিদ্যালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে এখন বাটৰ নাট প্ৰদৰ্শন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদতে ।
বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ অধ্যাপক, ডিব্ৰুগড় ফাৰ্মাচিষ্ট সংস্থাৰ বিষয়ববীয়াৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
উল্লেখযোগ্য যে, ফাৰ্মাচিষ্টসকল স্বাস্থ্যখণ্ডৰ মেৰুদণ্ড । ৰোগীক ঔষধ সম্পৰ্কীয় পৰামৰ্শ দিয়াৰ লগতে ঔষধ ৰোগীক বিতৰণ কৰা দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আধুনিক সমাজৰ জীৱনত স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন কৰাত মুখ্য ভূমিকা লৈ আহিছে ফাৰ্মাচিষ্টসকলে ।
লগতে পঢ়ক :Deendayal Upadhyaya : দীনদয়াল উপাধ্যায় ৰচনাসমগ্ৰৰ অসমীয়া সংস্কৰণ উন্মোচন মুখ্যমন্ত্ৰীৰ