অসম

assam

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি

ETV Bharat / videos

World No Tobacco Day: ধেমাজি জিলা স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ নাই কাণ-সাৰ - World No Tobacco Day

By

Published : May 31, 2023, 8:19 PM IST

ধেমাজি, ৩১মে': বিশ্ববাসীয়ে আজিৰ দিনটো ধঁপাত বিৰোধী দিৱস হিচাবে পালন কৰিছে ৷ ৰাজ্যৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত বিভিন্ন ঠাইত পালন কৰিছে এই দিৱস (World No Tobacco Day 2023) ৷ পিছে ধঁপাত বিৰোধী দিৱস উদযাপন কৰিলেও সকলোতে ইয়াৰ ধঁপাত ব্যৱহাৰ লোকৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে  ৷ ধেমাজি জিলাতো ক্ৰমান্বয়ে ধঁপাত জাতীয় সামগ্ৰী সৰুবৰ দোকানত সহজে উপলব্ধ হৈ পৰিছে ৷ বহুতো পাণ দোকানত মুকলিকৈ আঁৰি থোৱা দেখা যায় বিভিন্ন ধঁপাত জাতীয় সামগ্ৰী ।  

এই ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ নাই কাণ-সাৰ (AJYP president react on World No Tobacco Day) ৷ নাই ধঁপাত বিৰোধী অভিযান আৰু সজাগতা সভা ৷ মাত্ৰ দুই এঠাইত দেৱালত লিখিয়ে দায়িত্ব সামৰিছে সংশ্লিষ্ট বিভাগটোৱে । 

এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়াই আজিৰ দিনটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাজ্য ধঁপাত নিয়ন্ত্ৰণ কোষ ধেমাজি অসামৰিক চিকিৎসালয়ত আছে যদিও বিভাগটোৰ লগত জড়িত বিষয়া কৰ্মচাৰীয়ে ধঁপাতৰ অপকাৰিতা ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সজাগতা সৃষ্টি কৰা নাই ৷ ইয়াৰ বিপৰীতে নগৰৰ কোনো ঠাইত দেৱাল লিখিয়েই কৰ্তব্য় পালন কৰি আহিছে ৷ সেয়ে বিভাগটোক জনসাধাৰণৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক:Assam Governor press meet in Bongaigaon:বঙাইগাঁৱত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ সংবাদমেল

For All Latest Updates

ABOUT THE AUTHOR

...view details