অসম

assam

বিশ্ব মানসিক স্বাস্থ্য দিৱস ২০২৩

ETV Bharat / videos

World Mental Health Day:অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাৰ মূলতে মানসিক ৰোগ:দেৱ কুমাৰ মিশ্ৰ - তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:23 PM IST

তেজপুৰ, ১০ অক্টোবৰ : আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস । প্ৰতি বছৰে ১০ অক্টোবৰৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাবে পালন কৰা হয় । মানসিক স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ নাৰ্ছিং মহাবিদ্যালয়ৰ পৰা জিলা স্বাস্থ্য বিভাগে সজাগতা সৃষ্টিৰ বাবে এক শোভাযাত্ৰা উলিয়ায় ।

শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু জিলা সত্ৰ ন্যায়াধীশে এই শোভাযাত্ৰাৰ ফ্লেগ অফ কৰে । সমাজত অপৰাধজনিত বিভিন্ন কাৰকৰ মূল বিষয় হৈছে মানসিক ৰোগ । এই মানসিক ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধ কৰিবৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ পৰা সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ এইবাৰৰ বিষয়বস্তু 'মানসিক স্বাস্থ্য এক সাৰ্বজনীন মানৱ অধিকাৰ '।

বিশ্ব স্বাস্থ্য সংস্থা, সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰসকলক মানৱ অধিকাৰ ভিত্তিক পদ্ধতিৰে মানসিক স্বাস্থ্যৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিবলৈ এই দিৱসত আহ্বান জনোৱা হৈছে । শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে এজন লোক মানসিক ভাৱে সুস্থ হৈ থাকিলেহে তেওঁ বিভিন্ন ধৰণৰ ভাল কামত নিয়োজিত হ'ব পাৰিব  । তাৰ বাবে তেজপুৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ধৰণৰ গৱেষণা আৰম্ভ কৰিছে । অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাৰ মূলতে মানসিক ৰোগ বুলিও তেওঁ কয় ।

লগতে পঢ়ক:Durga Puja 2023:শৰৎ অহাৰ লগে লগে ধৰালৈ নামিছে দেৱী দুৰ্গা

ABOUT THE AUTHOR

...view details