সোণাৰিত সেনাৰ বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস পালন - সোণাৰিত সেনাৰ বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস পালন
আজি বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সোণাৰি বানফেৰাস্থিত ভাৰতীয় (World Environment Health Day in Sonari)সেনাৰ ১৪নং ৰাজপুত বেটেলিয়ানৰ উদ্যোগত সোমবাৰে সোণাৰিত এই দিৱস পালন কৰা হয় । বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস উপলক্ষে সোণাৰি নগৰৰ সেউজীয়া পাম আদিবাসী প্ৰাথমিক বিদ্যালয়, এলব্ৰন বিদ্যালয়কে আদি কৰি কেইবাখনো বিদ্যালয়,অংগনৱাড়ী কেন্দ্ৰত গছপুলি ৰোপণ কৰে সেনা বাহিনীৰ বিষয়া আৰু জোৱান সকলে । সেনা বিষয়া সকলে ছাত্ৰ- ছাত্ৰী সকলকো একোটাকৈ গছপুলি ৰোপন কৰিবলৈ দিয়ে । এই কাৰ্যসূচীত সেনা বাহিনীৰ বিষয়া সকলক সহযোগিতা কৰে শিক্ষক- শিক্ষয়িত্ৰী,অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে ।
Last Updated : Feb 3, 2023, 8:28 PM IST