অসম

assam

World Environment Day: তেজপুৰত "প্লাষ্টিক এৰো পৃথিৱী ধৰো" শ্লোগানৰে পৰিৱেশ দিৱস উদযাপন

By

Published : Jun 5, 2023, 7:40 PM IST

তেজপুৰত "প্লাষ্টিক এৰো পৃথিৱী ধৰো" শ্লোগানৰে পৰিৱেশ দিৱস উদযাপন

তেজপুৰ, ৫ জুন: আজি সমগ্ৰ দেশৰ লগতে সোমবাৰে তেজপুৰতো জিলা প্ৰশাসনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ।"প্লাষ্টিক এৰো পৃথিৱী ধৰো ' শীৰ্ষক শ্লোগানৰে এখনি বাটৰ নাট পৰিৱেশন কৰে (World Environment Day observed in Tezpur) । 

দেশত প্লাষ্টিকৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ফলস্বৰূপে এইবাৰ কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ দিৱস উপলক্ষে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি সমাজত সজাগতাৰ সৃষ্টি কৰাৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । বিধায়ক পৃথ্বিৰাজ ৰাভাৰ উপস্থিতিত তেজপুৰৰ বিশিষ্ট নাট্যকৰ্মী মৃগেন বৰাৰ নেতৃত্বত ১২ জনীয়া দলে বাটৰ নাটৰ যোগেদি প্লাষ্টিকৰ বৰ্জনৰ লগতে পানী সংৰক্ষণ আৰু বৃক্ষৰোপন কৰে ।

পৰিৱেশ দিৱস উপলক্ষে তেজপুৰ চ’ক বজাৰৰ সমীপত পথৰ দুয়োফালে গছপুলি ৰোপন কৰে । বিধায়ক পৃথ্বিৰাজ ৰাভাই গছ পুলি ৰোপন কৰি সকলোকে প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰাৰ লগতে চৰকাৰে সেউজ বনানিকৰণৰ বাবে লোৱা প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে। 

লগতে পঢ়ক:World environment day: গছপুলি ৰোপন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

...view details