অসম

assam

বিশ্ব পৰিৱেশ দিৱস

ETV Bharat / videos

World Environment day:টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন - বিশ্ব পৰিৱেশ দিৱস 2023

By

Published : Jun 5, 2023, 12:17 PM IST

টীয়ক, 5 জুন :আজি বিশ্ব পৰিৱেশ দিৱস । সমগ্ৰ বিশ্বই আজি পৰিৱেশ দিৱস উদযাপন কৰিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পৰিৱেশ দিৱসৰ দিনা পুৱাৰ ভাগতে অৰণ্যমানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েং উপস্থিত হয় টীয়কৰ কলিয়াপানীস্থিত জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ প্ৰাংগণত (World Environment day observed in Teok) ।

প্লাষ্টিক এৰো পৰিৱেশ ধৰো শ্ল'গানেৰে সৰ্বত্ৰে উদযাপন কৰা হ’ব পৰিবেশ দিৱস ৷ বিশেষ দিনটোত অৰণ্য মানৱ যাদৱ পায়েং উপস্থিত হৈ সকলোকে পৰিৱেশ নিকাকৰণৰ বাবে অন্তত এটা গছপুলি ৰোপণ কৰাৰ লগতে পৰিৱেশৰ বাবে অতিকৈ ভয়ংকৰ প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰ, ভাৰতীয় ষ্টেট বেংক, ৰেঙনি আৰু জ্যোতি- প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই পৰিৱেশ দিৱসত অৰণ্য মানৱ গৰাকীৰ উপস্থিতিত সকলো আপ্লুত হৈ পৰে আৰু তেওঁৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে (World Environment day 2023) ।

ইপিনে জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ স্থানীয় ৰাইজ তথা অভিভাৱকসকলে পৰিৱেশ সজাগতাৰে এক ৰেলী বাহিৰ কৰি সকলোকে সজাগ কৰিবলৈ চেষ্টা কৰে আৰু বৃহত্তৰ কলিয়াপানী অঞ্চলত এলানি গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

লগতে পঢ়ক :Madhabdev birth anniversary:মৰিগাঁৱত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৰ্ৱিভাৱ মহোৎসৱ উদযাপনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details