অসম

assam

Workshop in Sarupothar: সৰুপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত বিশেষ কৰ্মশালা

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 7:21 PM IST

সৰুপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত বিশেষ কৰ্মশালা

সৰুপথাৰ,২ ছেপ্টেম্বৰ:মহিলা সৱলীকৰণৰ ক্ষেত্ৰত ধনশিৰি মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপ । আয়োজন কৰা হয় ১৫ দিনীয়া এক বিশেষ কৰ্মশালা । ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰেচম বিভাগৰ সহযোগত সৰুপথাৰ পদুমনিস্থিত ৰেচম বিভাগৰ কাৰ্যালয়ত শনিবাৰৰ পৰা মহিলাসকলৰ মাজত পোন্ধৰদিনীয়াকৈ "প্ৰাকৃতিক ৰং আৰু সামগ্ৰী উৎপাদন"ৰ এক কৰ্মশালাৰ আয়োজন কৰা হয় ।  

মহকুমাধিপতি দিনছেংফা বৰুৱাৰ নিজাববীয়া চিন্তা আৰু প্ৰচেষ্টাৰে আৰম্ভ কৰা এই কৰ্মশালাত ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে । আৰম্ভণি অনুষ্ঠানত মহকুমাধিপতি দিনছেংফা বৰুৱাৰ লগতে কাৰ্যবাহী বিষয়া সুতৃষ্ণা বৰদলৈ, সৰুপথাৰ পৌৰসভাৰ পৌৰপতি উষা আগৰৱালা, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক দ্বিপেন বৰা উপস্থিত থাকি শুভাচ্ছামূলক বক্তব্য আগবঢ়াই । 

লগতে পঢ়ক:Broken bridge:চাৰণপাৰত গেৰুৱা নদীৰ ভঙা দলঙে বিঘ্নিত কৰিছে যাতায়ত ব্যৱস্থা

ABOUT THE AUTHOR

...view details