অসম

assam

Workshop for NIPUN bharat

Workshop for NIPUN bharat:নতুন শিক্ষানীতিৰ অধীনত নিপুন ভাৰত আঁচনিৰ কৰ্মশালা

By

Published : Jun 13, 2023, 5:42 PM IST

Published : Jun 13, 2023, 5:42 PM IST

গুৱাহাটী,13 জুন: খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা আৰু জি- 20 সম্পৰ্কে ৰাজ্যিক পৰ্যায়ৰ এদিনীয়া কৰ্মশালা ৷  কৰ্মশালাত অংশগ্ৰহণ কৰে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে শিক্ষাৰ্থীয়ে ৷ কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ লগত মত বিনিময়ৰ কৰাৰ লগতে হস্তকলাৰে প্ৰস্তুত কৰা সামগ্ৰী সমূহ প্ৰদৰ্শন কৰে ৷ মঙলবাৰে অনুষ্ঠিত কৰ্মশালাত নিপুণ অসম নামে এটা ৱেবচাইট মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ৷

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত এক নতুন আঁচনি হৈছে নিপুণ ভাৰত । তিনি বছৰ বয়সৰ পৰা আঠ বছৰ বয়সলৈ শিক্ষাৰ্থীসকলক ভালদৰে শিক্ষা প্ৰদান কৰাৰ লগতে সাংখ্যিক জ্ঞান দিয়াই এই আঁচনিৰ মূল লক্ষ্য ৷ ঘৰুৱা ভাষাৰে শিক্ষাৰ্থীক শিক্ষা প্ৰদান আৰু উদ্ভাৱনীমূলক শিক্ষা প্ৰণালীৰ বাবে শিক্ষকক উদগনি যোগাবলৈ শিক্ষামন্ত্ৰীৰ অনুৰোধ । কৰ্মশালাত উপস্থিত থকা একাংশ ছাত্ৰ-ছাত্ৰীক উপহাৰৰ টোপালাও প্ৰদান কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:BTR Agreement : বি টি আৰ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্রত অসম চৰকাৰৰ বিশেষ উদ্যোগ

ABOUT THE AUTHOR

...view details