অসম

assam

কাঠনীবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ETV Bharat / videos

কাঠনীবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 2:51 PM IST

যোৰহাট,৩০ ডিচেম্বৰ:মৰিয়নী কাঠনীবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । কাঠনীবাৰী চাহ বাগিচা জালিংগা নামৰ ব্যক্তিগত চাহ কোম্পানীৰ হাতত গতাই দিয়াৰ পিছৰ পৰাই কৰ্মৰত শ্ৰমিকে নিজৰ প্ৰাপ্য দৰমহা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । ফলত বাগিচাখনৰ শ্ৰমিকৰ অনাদায় হৈ থকা দৰমহাসহ বকেয়া আদায়ৰ দাবীত বঞ্চিত শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।  

যদি প্ৰাপ্য মজুৰি শীঘ্ৰে মোকলাই দিয়াৰ আশ্বাস কৰ্তৃপক্ষৰ পৰা নাপায় তেতিয়া হ'লে ব্যস্ততাপূৰ্ণ পথ অৱৰোধ কৰা হুংকাৰ প্ৰদান কৰে বঞ্চিত শ্ৰমিকে । আনহাতে যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত ঘটনাস্থলীত উপস্থিত নোহোৱাৰ পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে । উল্লেখ্য যে, জালিংগা টি কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে কাঠনীবাৰী চাহ বাগিচাকে আদি কৰি কেইবাখনো চাহ বাগিচা অসম চাহ কোম্পানীৰ পৰা লিজত লোৱা সময়ৰ পৰাই কৰ্মৰত শ্ৰমিকসকলে প্ৰাপ্য বিচাৰি বিভিন্ন সময়ত প্ৰতিবাদ, অৱস্থান ধৰ্মঘট আৰু পথ অৱৰোধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি অহা পিছতো গা-লৰা নাই উক্ত প্ৰতিষ্ঠানটোৰ ।  

লাঞ্চিত বঞ্চিত চাহ শ্ৰমিকসকলৰ কাষত লোকসভা উপ-দলপতি আৰু কলিয়াবৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ উক্ত বিষয়টো সদনৰ মজিয়াত উপস্থাপন কৰাৰ হ'ব বুলি আশ্বাস দি গৈছিল যদিও আজিকোপতি বঞ্চিত শ্ৰমিকসকলৰ কাষত নাই মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । আনহাতে শ্ৰমিকৰ দুৰ্দশা পূৰ্ণ অৱস্থাৰ পৰা মুক্তি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি কাতৰ অনুৰোধ জনাই ভুক্তভোগী শ্ৰমিকে । 

লগতে পঢ়ক:সমস্যাৰ সমাধান হোৱা নাই চাহ শ্ৰমিকৰ, প্ৰতিবাদত উত্তাল কাকতিবাৰী আৰক্ষী থানা

ABOUT THE AUTHOR

...view details