Lok Sabha elections:লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ কাম আৰম্ভ - লোকসভাৰ নিৰ্বাচন
ডিফু, ১৭ জুন : দেশৰ লোকসভাৰ নিৰ্বাচন যে নিধাৰিত সময়ৰ পূৰ্বেই হ’ব সেয়া ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ তৎপৰতাই ইংগিত দিছে ৷ দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ইতিমধ্যে আৰম্ভ হৈছে মাষ্টৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণৰ কাম আৰম্ভ হৈছে ৷
শনিবাৰৰ বিয়লি ডিফু আৰ্বত ভৱনত উপায়ুক্ত মধুমিতা ভাগৱতীয়ে ভোটাৰ তালিকা সংশোধনকে ধৰি সমগ্ৰ প্ৰক্ৰিয়াটোৰ ব্যাখ্যা কৰে এক সংবাদমেলত ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ১ জুনৰ পৰা ২০ জুলাইলৈ ই আৰ অ, এ ই আৰ অ, বি এল অ সকলক প্ৰশিক্ষণ দিয়া হ’ব ৷ ২১ জুলাইৰ পৰা ২১ আগষ্টলৈকে বি এল অ সকলে ঘৰে ঘৰে গৈ ভোটাৰৰ সবিশেষ পৰীক্ষা কৰিব ৷
২২ আগষ্টৰ পৰা ২৯ ছেপ্টেম্বৰলৈ নতুন ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ পূৰ্বৰ ভোটগ্ৰহণ কেন্দ্ৰত অধিক ভোটাৰ হ’লে দুটা কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ ৩০ ছেপ্তেম্বৰৰ পৰা ১৬ অক্টোবৰলৈ ১ ৰ পৰা ৮ নং ফৰ্মৰ কামসমূহ হ’ব ৷ ১৭ অক্টোবৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ হ’ব ৷ ১৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ভোটাৰৰ অভিযোগ লোৱা হ’ব ৷ ২৬ ডিচেম্বৰত ভোটাৰৰ অভিযোগ নিষ্পত্তি কৰা হ’ব ৷
১ জানুৱাৰী ২০২৪ ত দেশৰ নিৰ্বাচন আয়োগে অন্তিম ভোটাৰ তালিকা প্ৰকাশৰ বাবে পৰীক্ষা কৰি অনুমতি দিব ৷ ৫ জানুৱাৰীত প্ৰকাশ কৰা হ’ব চূড়ান্ত ভোটাৰ তালিকা ৷ আজিৰ সংবাদ মেলত নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙীয়া, অতিৰিক্ত উপায়ুক্ত টিংকুমণি বৰা আৰু সদৰ মহকুমাধিপতি হোমেন গোহাঁই বৰুৱা উপস্থিত থাকে ৷
লগতে পঢ়ক :Diphu Congress: ডিফু কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী