অসম

assam

মৰণফান্দলৈ পৰিণত এখন কাঠৰ দলং

By

Published : Jun 29, 2023, 6:51 PM IST

ETV Bharat / videos

Broken Wooden Bridge: মৰণফান্দলৈ পৰিণত হৈছে এখন কাঠৰ দলং

বকো, 29 জুন : ৰাজ্যজুৰি বানৰ কালৰূপ ৷ বিগত দিনকেইটাত নেৰা নেপেৰা বৰষুণৰ ফলত নামনি অসমৰ বহুকেইটা অঞ্চল বানত বুৰ গৈছে ৷ ইয়াৰ মাজতে কামৰূপ জিলাৰ বকোৰ নগৰবেৰাৰ প্ৰতিবেশী গাৰোমাৰী-কঠালবাৰী পথত থকা জৰাজীৰ্ণ কাঠৰ দলংখন সম্প্ৰতি মৰণফান্দলৈ পৰিণত হৈছে ৷ 

দলংখনৰ সৰহভাগেই কাঠেই পচি গ’ল , দলংখনৰ কেইবাস্থানতো ভাগি যোৱাত জন যাতায়তলৈ আহুকাল নামিছে। নিতৌ বিপদসংকুলভাৱে ভগা দলংখনৰ ওপৰেদি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ উপৰি ৰোগী কঢ়িওৱা এম্বুলেন্স পৰ্যন্ত পাৰাপাৰ হয় ৷ পদে-পদে বিপদৰ আশংকা, যিকোনো মুহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়াবহ বিপদ। ৰাইজে কোনোমতে বাঁহৰ কাঠি-কামিৰে জোৰা দি অব্যাহত ৰাখিছে আহযাহ, পিচে এই মেৰামতিও ক্ষণস্থায়ী।  

এতিয়া অতি শীঘ্ৰে এই বিধ্বস্ত কাঠৰ দলঙৰ ঠাইত পকী দলং এখন নিৰ্মাণৰ দাবী জনাইছে ভুক্তভোগী গঞাই  ৷ সংশ্লিষ্ট বিভাগ তথা সমষ্টিৰ বিধায়কক ৰাইজে বহু আবেদন জনাইও সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক:Road Accident: ভয়ংকৰ পথ দুৰ্ঘটনা, বাগৰি পৰিল যাত্ৰীবাহী আল্ট্ৰা বাহন

ABOUT THE AUTHOR

...view details