অসম

assam

ETV Bharat / videos

অসমত প্ৰথমবাৰলৈ অসম টি গোল্ডেন কাপ আন্তঃ চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতা - football tournament from 16th October in Dibrugarh

🎬 Watch Now: Feature Video

By

Published : Sep 30, 2022, 10:38 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব অসম টি গোল্ডেন কাপ আন্তঃচাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতা (Assam tea golden cup football competition)। অহা ১৬, ১৭, ১৮ আৰু ১৯ অক্টোবৰ তাৰিখে অসমৰ ১০টা স্থানত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাৰ (Inter Tea Estate Womens Football Tournament) । ১৬ অক্টোবৰৰ দিনা প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰা হ'ব ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত । অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু বিভিন্ন জিলাৰ ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিত মুঠ ৬০ টা দলে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে । উদ্বোধনী খেলত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)। আজি ডিব্ৰুগড়ৰ ACMS ৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলৰ আয়োজন কৰি উদ্যোক্তাসকলে এই কথা জানিবলৈ দিয়ে ।
Last Updated : Feb 3, 2023, 8:28 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details