অসম

assam

স্থানীয় মহিলাক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ

ETV Bharat / videos

Women trafficking: মৰাণত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ; স্থানীয় মহিলাক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ - প্ৰতিবাদী কাৰ্যসূচী

By

Published : Aug 18, 2023, 5:14 PM IST

মৰাণ, 18 আগষ্ট : ৰাজ্যজুৰি নাৰীজনিত অপৰাধৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হৈছে ৷ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চল মৰাণ আৰু ইয়াৰ আশে-পাশে নাৰী সৰবৰাহকাৰী বৃহৎ চক্ৰ সক্ৰিয় হৈ থকাৰ মাজতে এইবাৰ ডিব্ৰুগড়ৰ মৰাণত সক্ৰিয় হৈছে নাৰী সৰবৰাহকাৰী চক্ৰ ৷ 

বহিঃৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে যুৱতী-মহিলা নি বিক্ৰী কৰা কৰাৰ অভিযোগ উঠিছে দুগৰাকী মহিলাৰ বিৰুদ্ধে ৷ মৰাণৰ বামুণবাৰী পূৰ্ণিমা ৰয় আৰু দীঘলীয়া অঞ্চলৰ খৃষ্টমণি বাৰ্লাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। সম্প্ৰতি পলাতক খৃষ্টমণি বাৰ্লা আৰু পূৰ্ণিমা ৰয়।

উল্লেখযোগ্য যে যোৱা ১ আগষ্টত পূৰ্ণিমা ৰয় আৰু খৃষ্টমণি বাৰ্লা নামৰ মহিলা দুগৰাকীয়ে বামুণবাৰী দীঘলীয়াৰ এগৰাকী বিবাহিত মহিলা তথা পাঁচ মহীয়া কন্যা সন্তানৰ মাতৃ এগৰাকীক কামৰ প্ৰলোভনেৰে বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। সমান্তৰালকৈ একেই দুগৰাকী মহিলাই ছয় মাহৰ পূৰ্দুবে ই নং দীঘলীয়াৰ ৰাধিকা বৰাইক নামৰ যুৱতী এগৰাকীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ 

শুকুৰবাৰে দুই অভিযুক্ত পূৰ্ণিমা ৰয় আৰু খৃষ্টমণি বাৰ্লাক গ্ৰেপ্তাৰ কৰাৰ দাবীত মৰাণৰ বামুণবাৰী তিনিআলিত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে । অতি শীঘ্ৰে প্ৰশাসনে এই দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে উচিত শাস্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদী লোকসকলে ।

লগতে পঢ়ক:Mysterious death in Biswanath: বিশ্বনাথত অবৈধ প্ৰেমিকসহ চাৰিজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details