অসম

assam

জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি মহিলাৰ প্ৰতিবাদ

ETV Bharat / videos

Protest At Kaliabor: জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি মহিলাৰ প্ৰতিবাদ

By

Published : May 24, 2023, 10:42 PM IST

কলিয়াবৰ, 24 মে’:ৰাজ্যজুৰি তোলপাৰ লগাইছে মৰিকলং থানাৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ ঘটনাই (Junmoni Rabha death case) ৷ বুধবাৰে কলিয়াবৰৰ জখলাবন্ধা মিলন সংঘ প্ৰাংগনৰ পৰা মহিলাসকলে হাতে-হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদী শ্লোগান দি জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হয়  (Women protest at Kaliabor) ৷ শেহতীয়াকৈ জখলাবন্ধা চহৰত বৃদ্ধি পোৱা মদ, ভাং, ড্ৰাগছ প্ৰচলনৰ দৰে অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী মহিলাসকলে ৷ 

আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ লগতে দোষীয়ে যাতে উচিত শাস্তি পাই তাৰ দাবী তুলি এখন স্মাৰক পত্ৰ প্ৰদান কৰে মহিলা প্ৰতিবাদকাৰীসকলে । কাৰ্যবাহী দণ্ডাধীশ আৰু মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত জখলাবন্ধা আৰক্ষী নিৱেশত প্ৰতিবাদকাৰী মহিলাসকলে দাখিল কৰে স্মাৰক পত্ৰখন । লগতে জোনমনিৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনাও জনায় প্ৰতিবাদী মহিলাসকলে ৷ 

লগতে পঢ়ক:Fake cash seized: জামুগুৰি আৰক্ষীৰ জালত 12 হাজাৰ জালনোটসহ এটা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details