অসম

assam

ETV Bharat / videos

Women missing in Tamulpur: দুবছৰীয়া সন্তানৰ মাতৃ নিৰুদ্দেশ - দুবছৰীয়া সন্তানৰ মাতৃ নিৰুদ্দেশ

By

Published : Oct 19, 2022, 7:02 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

তামুলপুৰ জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰাংবাৰী গাঁৱৰ নৱৰত্ন বায়নৰ পত্নী বিজুলী স্বৰ্গীয়াৰী (২৭) যোৱা ১৭ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে (woman missing in tamulpur)। স্বামী নৱৰত্ন বায়নে জনোৱা মতে ওচৰৰ এগৰাকী মহিলাৰ সৈতে বিজুলী স্বৰ্গীয়াৰীয়ে হাউলিলৈ যোৱাৰ কথা কৈ দুই বছৰীয়া পুত্ৰ সন্তানক ঘৰতে থৈ ওলাই যায় । পিছত বিজুলী স্বৰ্গীয়াৰীয়ে সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে । নৱৰত্ন বায়নে বিভিন্ন ঠাইত বিচাৰ খোৱাৰ কৰে যদিও আজি পৰ্যন্ত বিজুলী স্বৰ্গীয়াৰীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে নৱৰত্ন বায়নে তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে তামুলপুৰ থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ সোণাৰাম বড়োৰ জীয়ৰী ৰুমী বড়োৰ লগত বিজুলী স্বৰ্গীয়াৰীৰ এক মধুৰ সম্পৰ্ক আছিল । এইগৰাকী ৰুমী বড়োও আজি তিনি দিন ধৰি নিৰুদ্দেশ হৈ আছে । এনে পৰিপেক্ষিতত দুয়োগৰাকীকে একেলগে থকাৰ সন্দেহ পৰিয়ালৰ লোকৰ । যদি কোনো লোকে বিজুলী স্বৰ্গীয়াৰীৰ সম্ভেদ পায় তেনেহলে তামুলপুৰ আৰক্ষী থানাত নাইবা ৬০০২৭৮৭৭৮৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details