Women missing: জোঁৱায়েকৰ ঘৰলৈ যাবলৈ নদী পাৰ হওতেই নিখোজ মহিলা - মঙলদৈ নদীত নিখোজ মহিলা
মঙলদৈ,২৫ জুন:চৌদিশে বান বিভীষিকা । ইয়াৰ মাজতে মঙলদৈত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । মঙলদৈ নদীত নিখোজ এগৰাকী মহিলা । মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰঝাৰ অঞ্চলৰ মাজেৰে যোৱা মঙলদৈ নদীত পৰি নিখোজ হৈ আছে ৰহিমান বেৱা নামৰ মহিলাগৰাকী । কাছাৰীবাৰী গাঁৱৰ মহিলাগৰাকীয়ে নিজৰ জোঁৱাইয়েকৰ ঘৰলৈ যাবলৈ আহি নদী পাৰ হ’বলৈ লওতেই নিখোজ হয় মহিলাগৰাকী ।
স্থানীয় লোক সকলে নাও, জাল লৈ উদ্ধাৰ অভিযান চলোৱাৰ লগতে SDRF ৰ জোৱানসকলে নাও লৈ বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে । ইফালে অভয় পুখুৰী গাঁও পঞ্চায়তৰ বৃহত্তৰ অঞ্চলৰ মাজেৰে যোৱা মঙলদৈ নদীৰ ওপৰত এখন দলং নোহোৱাৰ বাবে এনে দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আহিছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক:Drugs seized in Dibrugarh: ডিব্ৰুগড়ত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী