Women Protest in Bihpuria: অৰুণোদয় আচঁনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদত উত্তাল বিহপুৰীয়াৰ ডিক্ৰং গাঁও পঞ্চায়ত - মহিলাৰ প্ৰতিবাদত উত্তাল
বিহপুৰীয়া, 29 এপ্ৰিল : প্ৰতিবাদত উত্তাল বিহপুৰীয়াৰ ডিক্ৰং গাঁও পঞ্চায়ত ৷ একাংশ অৰুণোদয় আচঁনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদত শনিবাৰে উত্তাল হৈ পৰিল বিহপুৰীয়াৰ ডিক্ৰং গাঁও পঞ্চায়ত ৷ পঞ্চায়ত প্ৰতিনিধিয়ে গাঁও সভা আয়োজন কৰি অৰুণোদয় আচঁনিৰ বাবে ২৩০০ মহিলাৰ নাম সন্নিবিষ্ট কৰি এখন তালিকা প্ৰস্তুত কৰি ব্লকলৈ পঠাইছিল (Women Deprived of Arunoday Scheme Protest) ৷ কিন্তু ৰহস্যজনকভাৱে পঞ্চায়তৰ পৰা ব্লকলৈ পঠিওৱা তালিকাখনত নাম থকা মহিলাসকলৰ পৰিৱৰ্তে আন একাংশ মহিলাৰ নাম সন্নিবিষ্ট এখন তালিকা পঞ্চায়তলৈ প্ৰেৰণ কৰাত চকু কপালত উঠিছে হিতাধিকাৰী সকলৰ ৷ ইয়াৰ পিছতে তালিকাৰ পৰা বঞ্চিত মহিলাসকল প্ৰতিবাদমুখৰ হৈ পৰে (Women protest deprived of Arunoday scheme) ৷
পৰিতাপৰ বিষয় যে, পঞ্চায়ত প্ৰতিনিধিসকলে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত অজ্ঞ বুলি মন্তব্য কৰে বুলি অভিযোগ কৰিছে বঞ্চিত হিতাধিকাৰীসকলে ৷ প্ৰকৃততে কাৰ ছত্ৰছায়াত প্ৰকৃত হিতাধিকাৰী সকল বঞ্চিত হৈ আন একাংশ লোক এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ল বুলি প্ৰশ্ন কৰিছে হিতাধিকাৰীসকলে ৷ ইফালে বঞ্চিত মহিলা সকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয়টো সন্দৰ্ভত উচিত তদন্ত কৰাৰ আহ্বান জনাইছে (Women protest deprived of Arunoday scheme in Bihpuria) ৷
লগতে পঢ়ক:Snatching in Guwahati: মহানগৰীৰ চাৰ্ভেত দিন-দুপৰতে দুৰ্বৃত্তই থপিয়াই নিলে মহিলাৰ বেগ