Women arrested with drugs: চাপৰমুখ জংছনত কোটি টকা ড্ৰাগছসহ আটক মহিলা
চাপৰমুখ ৰে'ল ষ্টেচনত(Chaparmukh Junction) ড্ৰাগছৰ বিৰুদ্ধে ৰে'লৱে আৰক্ষীৰ সফল অভিযান । মংগলবাৰে সন্ধিয়া চাপৰমুখ ৰে'ল আৰক্ষীয়ে নামনিমূৱা ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ পাঁচগৰাকী মহিলা আৰু এজন পুৰুষ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Women arrested with drugs) । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দলটোৰ পৰা ৰে'ল আৰক্ষীয়ে হেৰ'ইনভৰ্তি ৪০ টা চাবোনৰ বাকচ জব্দ কৰে । হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় এক কোটি টকা হ’ব বুলি উল্লেখ কৰিলে ৰে’ল আৰক্ষীয়ে । ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে জব্দ হয় বুজন পৰিমাণৰ ড্ৰাগছখিনি । ইতিমধ্যে ৰে'ল আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোক জেৰা অব্যাহত ৰাখিছে । ধৃত সৰবৰাহকাৰী দলটোৰ সদস্যকেইগৰাকী হৈছে ৱাহিদুল ইছলাম, ৰূপজান বিবি, চুৱীনা আখতাৰ, চেলীমা আখতাৰ, হাজেৰা খাতুন, কুলচুমা বেগম ৷ দলটোৰ লগত আছে দুটিকৈ শিশুও । ধৃত আটাইৰে ঘৰ নগাঁৱৰ জুৰিয়াৰ দ'গাঁৱৰ বুলি জানিব পৰা গৈছে । ৰে’ল আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি সৰবৰাহকাৰী দলটোৱে ডিমাপুৰৰ পৰা নগাঁৱলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি ।
Last Updated : Feb 3, 2023, 8:29 PM IST