অসম

assam

শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ

ETV Bharat / videos

Half-decomposed deadbody recovered: শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 2:27 PM IST

দৰং,১৫ নৱেম্বৰ:দৰঙৰ ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনা । শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ । বস্তাৰ ভিতৰত সুমুৱাই থোৱা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ । জানিবপৰামতে দৰঙৰ ছিপাঝাৰ সমষ্টিৰ বানেইকুছি গাঁৱৰ এটা পৰিয়ালৰ শৌচালয়ৰ টেংকীত উদ্ধাৰ হয় অৰ্ধগলিত যুৱতীৰ মৃতদেহটো ৷  

পৰিয়ালটোৰ এজন সদস্য শৌচালয়লৈ যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত সুমুৱাই টেংকীটোত ভৰাই থোৱা আছিল অৰ্ধগলিত যুৱতীৰ মৃতদেহটো ৷ এই পৰ্যন্ত চিনাক্ত মৃত যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই  ৷ কোনো লোকে হত্যা কৰি শৌচালয়ৰ টেংকীত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Road accident: লখিমপুৰৰ বঙালমৰাত পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details