Operation against drunk driving: সুৰাপান কৰি বাহন চলোৱা স্বামীৰ পক্ষত ওকালতি পত্নীৰ - সাংবাদিকৰ কেমেৰা
‘‘স্বামীয়ে হাৰ্ড ৱৰ্ক কৰে, গতিকে তেওঁ মদ খাবই লাগিব’’- সুৰাপান কৰি বাহন চলোৱা স্বামীৰ পক্ষত যুক্তি দি আৰক্ষী আৰু সাংবাদিকৰ আগত এই মন্তব্য এগৰাকী মহিলাৰ ৷ উল্লেখ্য যে, নৱবৰ্ষত বনভোজৰ(New year picnic) বতৰত যাতে ৰাজ্যত কোনো ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষী আৰু পৰিবহন বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে চলাইছে কঠোৰ অভিযান(Operation against drunk driving) ৷ তাৰ মাজতে এই ঘটনা সংঘটিত হৈছে মঙলদৈৰ ভেৱাৰঘাটত ৷ দৰঙৰ উপায়ুক্তৰ উপস্থিতিত আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰিল সুৰাপান কৰি বাহন চলোৱা এগৰাকী ব্যক্তি ৷ তৰা পিছতে স্বামীৰ হৈ ওকালতি পত্নীৰ ৷ ‘‘মোৰ স্বামীয়ে আগৰে পৰা সুৰাপান কৰি গাড়ী চলাই৷ এইবোৰ নিয়ম পূৰ্বে নাছিল, এতিয়াহে ওলাইছে’’ বুলি সাংবাদিকৰ কেমেৰাৰ আগত মন্তব্য মহিলাগৰাকীৰ ৷ সাংবাদিকৰ কেমেৰা ভাঙি দিম বুলিও ধমক মহিলাগৰাকীৰ ৷
Last Updated : Feb 3, 2023, 8:37 PM IST