অসম

assam

গণেশ নগৰ শঙ্কৰ মাধৱ পথত শোকাবহ ঘটনা

ETV Bharat / videos

Guwahati news : মহানগৰীত জাৱৰৰ গাঁতত পৰি মহিলাৰ অকাল মৃত্যু

By

Published : May 15, 2023, 4:40 PM IST

গুৱাহাটী, ১৫ মে':গুৱাহাটী মহানগৰীৰ বামুণীমৈদামৰ জ্যোতিনগৰৰ গণেশ নগৰ শঙ্কৰ মাধৱ পথত সংঘটিত হৈছে এক শোকাৱহ ঘটনা (Tragic incident in Guwahati)। ঘৰৰ পেলনীয়া জাৱৰ পেলাবলৈ গৈ জাৱৰৰ গাঁতত পৰি অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুক সাৱতি লয় অলকা শৰ্মা (৫৬) নামৰ এগৰাকী মহিলাই । জানিব পৰা মতে, দেওবাৰে পুৱা ৫ বজাত মহিলাগৰাকীয়ে ঘৰৰ চৌহদতে থকা জাৱৰ পেলাবলৈ ব্যৱহাৰ কৰা প্ৰায় পাঁচ ফুট দ' কুৱা এটাত জাৱৰ পেলাবলৈ যায় ।  

সেই সময়ত জাৱৰৰ দমটোৰ পৰা অগ্নি নিৰ্গত হৈ আছিল (Woman Death after falling into well)। তেনে সময়তে অকস্মাতে মহিলাগৰাকীৰ মোবাইল ফোনটো গাঁতত পৰি যায় । মোবাইল ফোনটো উঠাবলৈ যত্ন কৰোতেই মহিলাগৰাকী গাঁতত পৰি যায় । তাতেই অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে । আৰক্ষীৰ সূত্ৰ অনুসৰি পূৰ্বৰে পৰা জাৱৰ জ্বলি থকা বাবে জুইত মহিলাগৰাকী পৰি অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে । স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত চান্দমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Scam Allegation: AIUDF ৰ বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধ এশ এবুৰি কেলেংকাৰীৰ অভিযোগ গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

ABOUT THE AUTHOR

...view details