অসম

assam

চাবুৱাৰ হাতীআলিত কৰুণ ঘটনা

By

Published : Jul 24, 2023, 8:15 PM IST

ETV Bharat / videos

Tragic incident in Chabua: চাবুৱাত ভুঁই ৰুবলৈ গৈ পুখুৰীত পৰি মহিলাৰ মৃত্যু

মৰাণ, ২৪ জুলাই: এতিয়া কৃষক ৰাইজ ব্যস্ত বোকাময় পথাৰত ভুঁই ৰোৱাত । পথাৰত কৃষক ৰাইজৰ ব্যস্ততা বৃদ্ধি পোৱা সময়তে চাবুৱাৰ হাতীআলিত সংঘটিত হ'ল এক কৰুণ ঘটনা । চাবুৱাৰ হাতীআলিৰ সমীপত মহিলাৰ কৰুণ মৃত্যু হয় । দেওবাৰে পথাৰত ভুঁই ৰুবলৈ গৈ দ' পুখুৰীত পৰি মৃত্যুমুখত পৰে প্ৰিয়া মাঝি (২১) নামৰ মহিলাগৰাকী । মহিলাগৰাকীৰ ঘৰ ৰঙামটি অঞ্চলত ।  

ৰাইজে উল্লেখ কৰা মতে,পথাৰত দ'কৈ পুখুৰী খান্দি মাটি বিক্ৰী কৰাৰ পিছত উন্মুক্ত হৈ থকা পুখুৰীত পৰি মহিলা গৰাকীৰ মৃত্যু হয় । ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । কৃষকৰ ব্যস্ততাৰ মাজত সংঘটিত এই ঘটনাই চাবুৱাত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:Barni Bridge Rape Case:অপৰাধী কেইটা সমাজৰ কলংক- আমিনুল হক লস্কৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details