অসম

assam

ৰে'লৰ পৰা পৰি মৃত্যু মহিলাৰ, খবৰ দিয়াৰ পাছতো নাহিল এম্বুলেঞ্চ

ETV Bharat / videos

Sensational incident in Titabar: ৰে'লৰ পৰা পৰি মৃত্যু মহিলাৰ, খবৰ দিয়াৰ পাছতো নাহিল এম্বুলেঞ্চ - খবৰ দিয়াৰ পাছতো নাহিল এম্বুলেঞ্চ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 7:08 PM IST

যোৰহাট,২৮ অক্টোবৰ: যোৰহাট জিলাৰ তিতাবৰ মহকুমাত সংঘটিত হৈছে এক অঘটন । নামনিমুৱা তিনিচুকীয়া-লামডিং পেচেঞ্জাৰ ৰে'লৰ পৰা নামোতেই গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা । ততাতৈয়াকৈ আহত মহিলাগৰাকীক চিকিৎসালয়লৈ নিবলৈ ১০৮ সেৱাক যোগাযোগ কৰা পাছতো কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ সদস্যসকলে এখন ই-ৰিক্সাৰে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ আনে ।  

কিন্তু চিকিৎসালয়ত চিকিৎসকে গুৰুতৰভাৱে আহত মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে । মৃত মহিলাগৰাকীৰ নাম-ঠিকনা বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই । তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰে'ল আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰু মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইফালে স্বাস্থ্য বিভাগৰ এনে কাৰ্যক সকলোৱে একেমুখে গৰিহণা প্ৰদান কৰিছে ।

লগতে পঢ়ক:Dacoits arrested: কিছু পৰিমাণে কমিল ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণি

ABOUT THE AUTHOR

...view details