অসম

assam

Wrong treatment: ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাৰ বলি হৈ মহিলাৰ মৃত্যু ! পলাতক ফাৰ্মাচিষ্ট

By

Published : May 15, 2023, 9:47 AM IST

ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাৰ বলি হৈ মহিলাৰ মৃত্যু

কলিয়াবৰ 15 মে’: কলিয়াবৰৰ নিজৰি গাঁৱত শোকাৱহ ঘটনা ৷ ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাই প্ৰাণ ল'লে এগৰাকী মহিলাৰ । জামাল নামৰ ফাৰ্মাচিষ্টজনৰ বিৰুদ্ধে এই অভিযোগ তুলিলে মৃত মহিলাগৰাকীৰ স্বামী কৰ্ণেলিষ্ট কেৰ্কেটাই (Woman Died because of Pharmacist at Kaliabor )।

উল্লেখ্য যে, দুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল কৰ্ণেলিষ্ট কেৰ্কেটাইৰ পত্নী খ্ৰীষ্টমিনা আইন নামৰ 34 বছৰীয়া মহিলাগৰাকী । দুৰ্বল হৈ থকাৰ বাবে স্বামী কৰ্ণেলিষ্ট কেৰ্কেটাই ফাৰ্মাচিষ্ট জামালক শক্তিবৰ্ধক পানীয় দিবলৈ কৈছিল । ঘৰত কোনো নথকাৰ সময়তে ফাৰ্মাচিষ্ট জামাল খ্ৰীষ্টমিনাৰ ঘৰত  উপস্থিত হৈ ৰুগীয়া মহিলাগৰাকীক এটা চেলাইনৰ লগতে 11 টাকৈ বেজি দিছিল বুলি অভিযোগ তুলিছে স্বামী কৰ্ণেলিষ্ট কেৰ্কেটাই ৷ ইয়াৰ পিচতে মহিলাগৰাকী অধিক অসুস্থ হৈ পৰে বুলিও গুৰুতৰ অভিযোগ আনে কৰ্ণেলিষ্ট কেৰ্কেটাই (Wrong treatment of Pharmacist at Kaliabor) । 

ততাতৈয়াকৈ অসুস্থ মহিলাগৰাকীক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়লৈ নৌপাওঁতেই মৃত্যু হয় মহিলাগৰাকীৰ । মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অৱগত হোৱাৰ পিচতে ফাৰ্মাচিষ্ট জামাল ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ আনে (civil hospital at Kaliabor) । 

ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ চেলাইনৰ লগতে বেজি উদ্ধাৰ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে দোষীৰ উচিত শাস্তিৰ দাবী তুলিছে ।

লগতে পঢ়ক :  Scam Allegation: AIUDF ৰ বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধ এশ এবুৰি কেলেংকাৰীৰ অভিযোগ গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

ABOUT THE AUTHOR

...view details