Poisonous Mashroom: মেৰাপানীত বিষাক্ত কাঠফুলা খাই মহিলাৰ মৃত্যু, এঘাৰজনক হাস্পতালত ভৰ্তি
গোলাঘাট, 6 এপ্ৰিল :পুনৰ কাঠফুলাই প্ৰাণ ল’লে এগৰাকী মহিলাৰ ৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু মুখত পৰে মহিলাগৰাকী (woman died by consuming poisonous mashroom) ৷ যোৰহাট মেডিকেল কলেজ হাস্পতালত দেওবাৰৰ পৰা চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী ৷
উল্লেখযোগ্য যে, মেৰাপানীৰ অসম নাগালেণ্ড সীমান্তৰ আপাৰ মেৰাপানীৰ পাঁচটাকৈ পৰিয়ালৰ লোকে পাহাৰৰ পৰা তুলি অনা বনৰীয়া কাঠফুলা আঞ্জা ৰান্ধি খাই অসুস্থ হৈ পৰে ৷ শিশুসহ ১৩ জনকৈ লোক অসুস্থ হৈ পৰে । ইয়াৰ পাচতেই অসুস্থ লোকসকলক মেৰাপানী, গোলাঘাট আৰু যোৰহাটৰ চিকিৎসালয় ভৰ্তি কৰোৱা হয় । তাৰ ভিতৰত কেইবাজনো লোক সংকটজনক অৱস্থাৰ বাবে বৰ্তমানেও গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু যোৰহাট মেডিকেল কলেজ হাস্পাতালত ভৰ্তি হৈ আছে ।
শিশু মহিলাসহ সৰ্বমুঠ ১১ জনকৈ লোক চিকিৎসাধীন হৈ থকা বুলি পৰিয়ালৰ লোকে সদৰী কৰিছে (Merapani mashroom news) । চিকিৎসাধীন হৈ থকা আক্ৰান্ত লোকসকল হৈছে ক্ৰমে ঈশা কুমাৰী, ৰুমী কুমাৰী, বিজয় বৰুৱা, দীনমনি বৰুৱা, চাহিল বৰুৱা, চামেলী কছাৰী, ৰাখী মেছ, দিব্য বৰ্মণ, হেমন্ত বৰ্মন ।
লগতে পঢ়ক :Leopard Death in Kaziranga: মৰিয়নিৰ কাকজান চাহবাগিচাত উদ্ধাৰ হোৱা নাহৰফুটুকীৰ মৃত্যু