অসম

assam

ডিব্ৰুগড়ত মহিলাৰ মুণ্ডহীন অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ETV Bharat / videos

Dead body recovered: ডিব্ৰুগড়ত মহিলাৰ মুণ্ডহীন অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

By

Published : Jun 15, 2023, 5:28 PM IST

মৰাণ, 15 জুন : ডিব্ৰুগড়ত উত্তেজনা ৷ বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপত মুণ্ডহীন অৰ্ধগলিত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপতে থকা এখন চেলুনৰ পিচফালে বেৰৰ কাষত থকা এটা নলাত উদ্ধাৰ কৰা হৈছে মুণ্ডহীন মহিলাৰ অৰ্ধগলিত মৃতদেহ ৷ কোনো লোকে মহিলাগৰাকীক শিৰচ্ছেদ কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে মহিলাগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ কৰা হৈছে তেওঁৰ মুণ্ডটো ৷ 

প্ৰায় ৪০ বছৰীয়া মৃত মহিলাগৰাকী জনজাতীয় মহিলা বুলি সন্দেহ কৰা হৈছে ৷ কিয়নো মহিলাগৰাকীয়ে পৰিধান কৰা সাজপাৰত জনজাতীয় পোছাক স্পষ্ট হৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে এ এম চিলৈ প্ৰেৰণ কৰিছে ৷ এতিয়ালৈ মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ এই  ঘটনাৰ পিচতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷  

লগতে পঢ়ক:Guwahati serial rape case : চিকিৎসক দম্পতীৰ নৃশংস ৰূপ, দুই শিশুক চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন

ABOUT THE AUTHOR

...view details