Youth attacks woman by liquor bottle: সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ - JMCH
Published : Nov 1, 2023, 11:59 AM IST
|Updated : Nov 2, 2023, 10:29 AM IST
যোৰহাট, 1 নৱেম্বৰ : যোৰহাট জিলাৰ মৰিয়নীত মঙলবাৰে নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সুৰাৰ বটলেৰে এগৰাকী মহিলাক আক্ৰমণ কৰে এজন যুৱকে। মৰিয়নীৰ থানা তিনি আলিৰ মেজিক ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা।
জানিব পৰামতে, টকা-পইচা সম্বন্ধীয় সংঘাতৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আক্ৰমণকাৰী যুৱকজনৰ নাম পণ্ডিত মিশ্ৰ ওৰফে দ্বিগবিজয় বুলি জানিব পৰা গৈছে। যুৱকজনে মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ পুত্ৰকো আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । লগে লগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
এই ঘটনা সংঘটিত কৰিয়েই আক্ৰমণকাৰী পণ্ডিত মিশ্ৰই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ আঘাত গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক:Talibani Punishment : সামান্য কথাতে ছাত্ৰক তালিবানী শাস্তি শিক্ষকৰ