Wish for team India:5 হাজাৰ নেমুৰে নিৰ্মাণ মা দুৰ্গাৰ মূৰ্তি - মূৰ্তি নিৰ্মাণ
Published : Oct 17, 2023, 2:32 PM IST
নেশ্যনেল ডেস্ক, 17 অক্টোবৰ :বৰ্তমান দেশত উৎসৱৰ ঢৌ ৷ যেনিয়েই চাই তেনিয়েই পূজা-অৰ্চনা, চাকি-বন্তি, পোহৰ, বেলুন ইত্যাদি ৷ আৰু মাত্ৰ কেইদিনমানৰ পিচতে সকলোৱে উৎকণ্ঠাৰে বাট চাই ৰোৱা মা দুৰ্গাৰ মূৰ্তি পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা যাব ৷ মা দুৰ্গাৰ জাক-জমকীয়া মূৰ্তিয়ে সকলোকে আপ্লুত কৰিছে ৷
শেহতীয়াকৈ এটি বিশেষ মূৰ্তি চৰ্চালৈ আহিছে ৷ বিশ্ববিখ্যাত বালি শিল্পী সুদৰ্শন পাটনায়কে কৰ্ণাটকৰ বীজাপুৰৰ বিলত বালি শিল্পৰ জৰিয়তে মূৰ্তি নিৰ্মাণ কৰি টিম ইণ্ডিয়াক শুভেচ্ছা জনাইছে । তেওঁ বিভিন্ন বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি বালিৰ ভাস্কৰ্য্য নিৰ্মাণ কৰে । এইবাৰ তেওঁ পাঁচ হাজাৰ নেমুৰ পৰা মা দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰিছে । মূৰ্তি নিৰ্মাণৰ লগতে ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপত টিম ইণ্ডিয়াৰ জয়ৰ কামনা কৰিছে । শুভকামনা জনাই তেওঁ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে, যিয়ে মা দুৰ্গাক প্ৰণাম কৰি থকা দেখা গৈছে ।
লগতে পঢ়ক :SC On Same-Sex Marriage: সমকামী বিবাহৰ সন্দৰ্ভত আজি ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে