অসম

assam

Meteorology department

ETV Bharat / videos

ঠেৰেঙা জাৰে ভোগালী বিহুৰ পিচলৈকে কঁপাব ৰাজ্যবাসীক

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 9:54 PM IST

মিৰ্জা, 11 জানুৱাৰী:এইবাৰ মাঘৰ উৰুকাত সেমেকা হ’ব বতৰ ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতৰ কৱলত পৰিব অহা এসপ্তাহ । ১৬ জানুৱাৰীলৈকে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যত শীতৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাব । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বতৰ বিজ্ঞানীয়ে সদৰী কৰা আগজাননী মতে আজিৰে পৰা অহা ১৬ জানুৱাৰীলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বতৰ সেমেকা হোৱাৰ উপৰিও কুঁৱলী থাকিব । লগতে অসমৰ কিছু কিছু ঠাইত ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভৱনাও আছে । ভোগালী বিহুৰ সময়ছোৱাত যথেষ্ট শীত আৰু কুঁৱলীৰ আস্বাদনে ছানি ধৰি ৰাখিব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ । সেয়েহে হাঁড় কপোৱা জাৰৰ মাজতে ভোগালী বিহু তথা উৰুকা পালন কৰিব লাগিব ৰাজ্যবাসীয়ে ৷ অৱশ্যে এতিয়ালৈকে শীতে ম্লান পেলাব পৰা নাই ৰাইজৰ ভোগালী আনন্দত ৷ ৰাজ্যৰ ঠায়ে ঠায়ে ভেলাঘৰ-মেজি আদি সাজি ৰাইজ সাজু হৈছে ভোগালীক আদৰিবলৈ ৷

লগতে পঢ়ক:ভোগালীৰ ব্যাপক প্ৰস্তুতি শতবর্ষ গৰকা নগাঁও ভোগালী উৎসৱ সমিতিৰ

ABOUT THE AUTHOR

...view details