অসম

assam

হোজাইৰ প্ৰান্তে প্ৰান্তে বনৰীয়া হাতীৰ মুক্ত বিচৰণ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 1:08 PM IST

ETV Bharat / videos

হোজাইৰ প্ৰান্তে প্ৰান্তে বনৰীয়া হাতীৰ মুক্ত বিচৰণ

হোজাই, 28 নৱেম্বৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ ত্ৰাস ৷ ইয়াৰ সমান্তৰালকে হোজাই জিলাৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে স্থানীয় লোকৰ টোপনি হৰিছে ৷ মঙলবাৰে পুৱা লামডিং বনাঞ্চলৰ পৰা দুটা বনৰীয়া হাতী খাদ্যৰ সন্ধানত উলাই আহি স্থানীয় কৃষকৰ ধান, বাৰীৰ ফচল আদি খেতি খাই ব্যাপক অনিষ্ট সাধন কৰে ৷

বনৰীয়া হাতী দুটাৰ মুক্ত বিচৰণত ৰাইজ আতংকিত হৈ পৰিছে যদিও বন‍্যহস্তী দুটাই জনসাধাৰণৰ কোনো অনিষ্ট সাধন নকৰি পুনৰ লামডিং বনাঞ্চলৰ ফালে ঘূৰি যোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিগত সময়তো এই অঞ্চলটোত বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ ইয়াৰ সমান্তৰালকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ মুক্ত বিচৰণে হাতীৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে ৷ 

লগতে পঢ়ক:চৰকাৰক NPS বাতিলৰ দাবী বিৰোধীৰ

ABOUT THE AUTHOR

...view details