Wild elephant terror in Kaliabor: কলিয়াবৰত পুনৰ ঘৰ-দুৱাৰ ভাঙি বন্যহস্তীয়ে চলালে উপদ্ৰৱ - উপদ্ৰৱ চলালে বন্যহস্তীয়ে
কলিয়াবৰত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror in Kaliabor)। মঙলবাৰে নিশা পুনৰ কলিয়াবৰৰ বৰুৱা চুক গাঁৱত উপদ্ৰৱ চলালে বন্যহস্তীয়ে । এইবাৰ গাঁওখনৰ তিনিঘৰ লোকৰ ব্যাপক ক্ষতিসাধন কৰিলে বন্যহস্তীয়ে । পকাঘৰৰ দেৱাল, গ্ৰীল, খিৰিকী, চাইকেল, ভঁৰাল ঘৰ আদি ভাঙি যথেষ্ট ক্ষতিসাধন কৰে বন্যহস্তীয়ে (Wild elephants break down houses in Kaliabor) ৷ লগতে বৃহৎ পৰিমাণৰ ধান খাই নষ্ট কৰে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে ধাৰাবাহিকভাৱে ত্ৰাসৰ সৃষ্টি কৰি আহিছে কলিয়াবৰৰ গ্ৰামাঞ্চলত । বন্যহস্তীৰ উপদ্ৰৱত নিতৌ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে কলিয়াবৰৰ ৰাইজে । শেহতীয়াকৈ এই সন্দৰ্ভত ইটিভি ভাৰত অসমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈ আহিছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷
Last Updated : Feb 3, 2023, 8:38 PM IST