অসম

assam

Elephant human conflict

ETV Bharat / videos

Elephant-human conflict : তেজপুৰবাসীক সু-প্ৰভাত জনালে গজৰাজে - Sonitpur wild Elephant

By

Published : Jun 19, 2023, 7:44 PM IST

তেজপুৰ, 19 জুন:তেজপুৰ চহৰৰ মাজমজিয়াত পুৱাই গজৰাজৰ প্ৰাতঃভ্ৰমণ । এটা দঁতাল হাতীয়ে তেজপুৰ চহৰৰ চানমাৰী কবৰ স্থানৰ কাষেৰে কেকুৰা প'ল হৈ ঘুৰি ফুঁৰোতে তেজপুৰ আৱৰ্ত ভৱনৰ তলত আৱদ্ধ হৈ পৰে ৷ পুৱাই চহৰ ভ্ৰমণ কৰি গজৰাজটোৱে বৰ্তমান তেজপুৰৰ বৰপুখুৰী পিতনিত আশ্ৰয় লৈ আছে । তেজপুৰৰ বৰপুখুৰী পিতনিত আশ্ৰয় লোৱাৰ খবৰ লাভ কৰাৰ পাচতে বন বিভাগৰ লগত আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰিছে । 

অৱশ্যে গজৰাজাৰ এই ভ্ৰমণ কোনো নতুন কথা নহয় ৷ পূৰ্বৰে পৰা একে ঠাইতে বহুবাৰ বনৰীয়া হাতীয়ে আশ্ৰয় লৈছিল । বিগত এটা সপ্তাহ ধৰি ধাৰাষাৰ বৰষুণৰ ফলত জনজীৱন স্থৱিৰ হৈ পৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ পানী উফন্দি পৰাৰ ফলত জীৱ জন্তুৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে । বাঢ়নী পানীৰ ফলত বিভিন্ন বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত এই দৰে প্ৰায়ে বনৰীয়া হাতী ওলাই আহি জনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:Shiv Sena Foundation Day : উদ্ধৱ আৰু সিন্দে গোটৰ মাজত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ

ABOUT THE AUTHOR

...view details