অসম

assam

ধেমাজি চিচিকলঘৰত হাতী-মানুহৰ সংঘাত অব্যাহত

ETV Bharat / videos

Wild Elephant Menace: ধেমাজি চিচিকলঘৰত হাতী-মানুহৰ সংঘাত অব্যাহত - Elephant destroyed house in Dhemaji

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 9:05 PM IST

ধেমাজি,২৮ ছেপ্টেম্বৰ:ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত হাতী-মানুহৰ সংঘাত । বন্যহস্তীৰ উপদ্ৰৱত বহু নিৰীহে প্ৰাণ হেৰুৱাৰ উপৰিও বহু পৰিয়ালে হেৰুৱাইছে ঘৰ-বাৰী । খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলৈ ওলাই আহি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীয়ে । বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ধেমাজিৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ।  

জানিব পৰা মতে বিগত দুদিনমানৰ পৰা ধেমাজি মাছখোৱা চিচিকলঘৰ আৰু ৰাংকুপ চাপৰিত প্ৰায় এশ-ডেৰশটা বৃহৎ হাতীৰ জাকে বিচৰণ কৰি খেতি-পথাৰৰ শস্য খাই তহিলং কৰিছে ৷ ফলত প্ৰায় ২০/২৫টা পৰিয়ালে মুৰে-কঁপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ হাতীৰ জাকৰ বাবেই নিশা বিনিদ্ৰ ৰজনী কটোৱা ৰাইজে ফটকা ফুটাই, টিং বজাই হাতী জাকটো খেদিবলৈ প্ৰয়াস কৰিছে যদিও এতিয়ালৈকে হাতীৰ জাকটো কিমান দূৰলৈ আতঁৰি গৈছে তাৰ সঠিক তথ্য জানিব পৰা হোৱা নাই ৷ এইক্ষেত্ৰত বন বিভাগৰ নিবিকাৰ ভূমিকাক লৈয়ো সমালোচনা কৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক:Public protest in Nalbari: নলবাৰী অসামৰিক হাস্পতালৰ পূৰ্বৰ মৰ্যদাৰ দাবীৰে জেল ভৰো কাৰ্যসূচী

ABOUT THE AUTHOR

...view details