অসম

assam

বন্যহস্তীৰ বাবে আগতীয়াকৈ ধান কাটিলে কৃষকে

ETV Bharat / videos

নগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ; আধা পকা ধান কটাত ব্যস্ত কৃষক - Man and wild elephant conflict

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 8:00 AM IST

Updated : Nov 27, 2023, 10:08 AM IST

বঢ়মপুৰ, 27 নৱেম্বৰ :সোণোৱালী হৈ উঠিছে পথাৰ  ৷ অসমৰ চহা কৃষক এতিয়া সোণোৱালী ধান চপোৱাত ব্যস্ত হৈ পৰিছে ৷ তাৰ মাজতে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে আধা পকা ধান কাটিব লগা হৈছে ৰাজ্যৰ একাংশ কৃষক ৰাইজে ৷ কাৰণ প্ৰতি বছৰে ধান পকিবৰ সময়ত নগাঁও জিলাৰ কন্দলি, ননৈ, কঠীয়াতলী, বৰকোলা আৰু কামপুৰৰ বৃহৎ এলেকাত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে ৷ যাৰ বাবে পকিবলৈ ধৰা ধান কাটিব লগা হৈছে ৰাইজে ৷

বন্যহস্তীয়ে নিজৰ ধাননী ডৰা যাতে অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে পকিবলৈ ধৰা ধান কটাত ব্যস্ত হোৱা দেখা গৈছে কন্দলি, ননৈ, কঠীয়াতলী, বৰকোলা আৰু কামপুৰ অঞ্চলৰ ৰাইজক  ৷ ইফালে বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :কঠিয়াতলীত অবৈধভাৱে সংযোগ কৰা কেবল জব্দ শক্তি বিভাগৰ, গোচৰ ৰুজু

Last Updated : Nov 27, 2023, 10:08 AM IST

ABOUT THE AUTHOR

...view details