নলবাৰীত বন্যহস্তীয়ে ভাঙিলে অকলশৰীয়া বৃদ্ধাৰ বাসগৃহ - Man Elephant conflict
Published : Jan 6, 2024, 1:51 PM IST
নলবাৰী,৬ জানুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত হাতী-মানুহৰ সংঘাত । বন্য়হস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । নলবাৰী জিলাৰ বৰখানাজান গাঁৱতো অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ । বন্যহস্তীয়ে ভাঙিলে এগৰাকী অসহায় বৃদ্ধাৰ বাসগৃহ । বনমন্ত্ৰী আৰু বন বিভাগক তীক্ষ্ণ সমালোচনা ৰাইজৰ । কেৱল ফটকা ফুটাই বনৰীয়া হাতী খেদিবলৈ পৰামৰ্শ বনবিভাগৰ । যাক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ।
বন্যহস্তী খেদি পঠিওৱাত ব্যৰ্থ বনবিভাগৰ ওপৰত স্থানীয় লোক ক্ষোভিত হৈ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ আহ্বান স্থানীয় ৰাইজৰ । উল্লেখ্য যে নলবাৰীৰ উত্তৰ অঞ্চলত এতিয়া বনৰীয়া হাতীৰ আতংকত উজাগৰী নিশা কটাবলগীয়া হৈছে গঞা ৰাইজে । হাতী খেদিবলৈ বনবিভাগৰ তৰফৰ পৰা কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে কেৱল হাৰাশাস্তিৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ।
লগতে পঢ়ক:দীৰ্ঘদিনৰ পাছত লাওখোৱা, বুঢ়াচাপৰিত গঁড়ৰ মুক্ত বিচৰণ