Wild elephant menace: মাজুলীত বন্যহস্তীৰ সন্ত্ৰাস
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাট অব্যাহত(Man-Elephant conflict in Assam) । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মাজুলীতো দিনক দিনে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ । প্ৰতিনিশাই জনাঞ্চলত বন্যহস্তীৰ প্ৰৱেশে আতংকিত কৰি তুলিছে মাজুলীবাসীক (Wild elephant menace) । মেৰাগড়, কলনিবাৰী, গেজিং, যোগী গাঁৱত বিগত কেইবাদিনো ধৰি বন্যহস্তীৰ এটা দলে আতংকৰ সৃষ্টি কৰি আহিছিল যদিও যোৱা নিশা ১০:৩০ বজাত পূব মাজুলীৰ বনগাঁৱত দুটা হাতী প্ৰৱেশ কৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় গাঁওবাসীৰ মাজত । বৃদ্ধৰ পৰা শিশুলৈ সকলোৱে নিশা দুপৰলৈ ৰাজপথত অৱস্থান কৰিব লগা এক পৰিস্থিতি সৃষ্টি হয় ।
Last Updated : Feb 3, 2023, 8:29 PM IST