অসম

assam

গোলাঘাটত বনৰীয়া হাতীৰ উপদ্ৰৱ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:33 PM IST

ETV Bharat / videos

Wild elephant terror: গোলাঘাটত বনৰীয়া হাতীৰ উপদ্ৰৱ

গোলাঘাট,১০ নৱেম্বৰ: গোলাঘাটৰ বৃহত্তৰ মৰঙি অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ দিনে নিশাই হাতীৰ উপদ্ৰৱৰ বাবেই কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ দৈনন্দিন স্বাভাবিক জীৱন যাত্ৰাত প্ৰভাৱ পৰিছে ৷ সমান্তৰালকৈ চাহ বাগিচাত একেই পৰিৱেশ, বাগিচাত হাতীৰ আতংকৰ বাবেই কাম কৰিব নোৱাৰাৰ অৱস্থা চাহ শ্ৰমিকসকলৰ । দিনে নিশাই পকিবলৈ ধৰা ধাননি পথাৰ তহিলং কৰাৰ লগতে বাসগৃহতো চলিছে উপদ্ৰৱ ৷  

নিশা বনৰীয়া হাতীৰ পৰা নিজৰ ঘৰখন পৰিয়ালটোক নিৰাপত্তা দিয়াক বিপৰীতে দিনত কাম কৰিবলৈ যাব লাগে ৷ যাৰ ফলত নিদ্ৰাহীন হৈ এক প্ৰকাৰ ৰোগীয়া হৈ পৰিছে ৰাইজ ৷ বিধায়ক বিশ্বজিত ফুকনক কিবা এটা সমাধান সুত্ৰ উলিয়াই ৰাইজক হাতীৰ উপদ্ৰৱৰ পৰা উদ্ধাৰৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷ উল্লেখযোগ্য বনাঞ্চলত বন্যহস্তীৰ খাদ্যৰ নাটনিৰ বাবে জনাঞ্চলত প্ৰৱেশ কৰিছে বৃহৎ হাতীৰ জাক ।  

লগতে পঢ়ক:Elephant menace : চকুৰ টোপনি নাইকিয়া কৰিছে বন্যহস্তীয়ে

ABOUT THE AUTHOR

...view details