কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ - Wild elephant terror
Published : Jan 7, 2024, 1:34 PM IST
কলিয়াবৰ,৭ জানুৱাৰী:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত কলিয়াবৰত । এইবাৰ ঢেকীয়াল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ । পূৰ্ণানন্দ দাস নামৰ এজন লোকৰ গৃহ ভাঙি তহিলং কৰাৰ লগতে আন এঘৰৰ ঘৰৰ বেৰ ভাঙি ধানৰ বস্তা উলিয়াই উপদ্ৰৱ চলাই বন্যহস্তীয়ে । পূৰ্ণানন্দ দাসৰ পৰিয়ালে কোনোমতে প্ৰাণ বচাই লুকাই থাকিল বেৰৰ চুকত । স্থানীয় লোকে ফটকা ফুটাই হাতী খেদাতহে ৰক্ষা পৰে পৰিয়ালটো ।
ইফালে এজন লোকে হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে যদিও সৌভাগ্যক্ৰমে আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে । বন বিভাগৰ পৰা সময়মতে সহাঁৰি নোপোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ । ভুক্তভোগীয়ে জনোৱা অনুসৰি, বন বিভাগৰ লোক আহি পোৱালৈ ঘৰ-দুৱাৰ ভাঙি সেই স্থানৰ পৰা প্ৰস্থান কৰে বন্যহস্তী । পথাৰৰ ধান কাটি গৃহস্থৰ চোতাল পোৱাৰ পাছতেই বনৰীয়া হাতীৰ সহজ লক্ষ্য হৈ পৰিছে গাঁওসমূহ । বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰস্তমান গাঁওবাসীক সুৰক্ষা দিবলৈ অপাৰগ ৰাজ্যৰ বন বিভাগ ।