অসম

assam

ডুমডুমাত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী কিশোৰী

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 2:30 PM IST

ETV Bharat / videos

ডুমডুমাত বন্যহস্তীৰ আক্ৰমণত নিহত কিশোৰী, ৰাইজ-বনকৰ্মীৰ মাজত বাক বিতণ্ডা

তিনিচুকীয়া, 27 নৱেম্বৰ : হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷তিনিচুকীয়া জিলাৰ ডুমডুমাত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী কিশোৰী ৷ নিহত কিশোৰীগৰাকী লক্ষীপ্ৰিয়া পাটৰ বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি, ফিল’বাৰী থানাৰ অন্তৰ্গত বৰডুবি চাহ বাগিচাৰ 4 নম্বৰ লাইনত দেওবাৰে অনুষ্ঠিত হৈছিল অখণ্ড ভাগৱত পাঠ ৷ নিশা প্ৰায় 2.30 বজাত কিশোৰীগৰাকীয়ে উক্ত অনুষ্ঠানৰ পৰা ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে বৰডুবি চাহ বাগিচাৰ 4 নম্বৰ লাইনতে বন্যহস্তীয়ে আক্ৰমণ কৰে কিশোৰীগৰাকীক ৷

আনহাতে, ৰাইজে খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত বহু পলমকৈ বনকৰ্মী উপস্থিত হোৱাক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বৰডুবি চাহ বাগিচাত ৷ ইফালে, বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগে নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :হলৌ বান্দৰ চাবলৈ তিনিচুকীয়াৰ বাৰেকুৰিত পৰ্যটকৰ ভিৰ

ABOUT THE AUTHOR

...view details