অসম

assam

ETV Bharat / videos

Wild elephant menace: পথাৰৰ পকা ধান খাই অনিষ্ট কৰিছে বন্যহস্তীয়ে - ধাননি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

By

Published : Oct 29, 2022, 8:43 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

শোণিতপুৰ ৰঙাপৰাৰ চৌদিশে কেৱল বনৰীয়া হাতীৰ বিচৰণ (Wild elephant menace in Rangapara) । ধাননি পথাৰত নামিছে জাকে জাকে বনৰীয়া হাতী । বনৰীয়া হাতীয়ে পকা ধান খাই-গছকি তহিলং কৰিছে ধাননি পথাৰ (Wild elephant destroyed crops in Rangapara) । মূৰৰ ঘাম মাটিত পেলাই খেতিয়কে কৰা ধান খাইছে বনৰীয়া হাতীয়ে । পকা ধাননি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱৰ দৃশ্য দেখি খেতিয়কৰ চকুলো নিগৰি অহাটো স্বাভাৱিক কথা (Man elephant conflict in Assam)। মূৰৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে খেতিয়কে কৰা ধান পকিবলৈ ধৰাৰ সময়ত বনৰীয়া হাতীয়ে পথাৰৰ ধান খাই তহিলং কৰিছে । ৰঙাপৰাৰ ফুলবাৰীত থকা ধাননি পথাৰসমূহ নিশাৰ ভাগত বনৰীয়া হাতীয়ে অনিষ্ট কৰি আহিছে । প্ৰায় ১৫০ টা বনৰীয়া হাতীয়ে গছকি নষ্ট কৰি পেলায় ধাননি পথাৰ ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details