অসম

assam

বনৰীয়া হাতীৰ আক্ৰমণ

ETV Bharat / videos

Wild elephant terror: হোজাইত বনৰীয়া হাতীৰ আক্ৰমণত বিদ্যালয়ৰ বিস্তৰ ক্ষতিসাধন - গোসাঁইগাওঁ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়

By

Published : Jun 16, 2023, 12:50 PM IST

হোজাই, 16 জুন : হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ নিকটৱৰ্তী লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত গোসাঁইগাওঁ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়খনত বৃহস্পতিবাৰৰ নিশা বনাঞ্চলৰ পৰা আহাৰৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷ উল্লেখ্য যে, বছৰটোৰ ভিতৰত বিদ্যালয়খনত বনৰীয়া হাতীৰ এয়া তৃতীয়টো আক্ৰমণ ৷ কালি সংঘটিত বন্যহস্তীৰ আক্ৰমণত বিদ্যালয়ৰ পকীৱাল, লোৰ খিৰিকী, বিদ্যালয় চৌহদৰ টিনপাতৰ বেৰা ইত্যাদিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ, ৰেজিষ্টাৰ ফালি দলিয়াই পেলোৱাৰ লগতে দুটা পানী ফিল্টাৰ ভাঙি পেলায় ৷

বিগত সময়ছোৱাত বিদ্যালয়খনত সঘনাই বনৰীয়া হাতীৰ আক্ৰমণ চলি থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়খনত নামভৰ্তিৰ সংখ্যা কমি আহিছে ৷ বিগত গুণোৎসৱ সমূহত প্ৰতিবাৰেই এ প্লাছ গ্ৰেড লাভ কৰিবলৈ সক্ষম হোৱা এই বিদ্যালয়খনতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি বিভিন্নজন আজি সুপ্ৰতিষ্ঠিত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম স্থান অধিকাৰ কৰিবলৈয়ো সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীৰ উদাহৰণ আছে ৷ বনবিভাগক খবৰ দিয়া সত্বেও এতিয়ালৈকে উপস্থিত নোহোৱা কাৰ্যত স্থানীয় ৰাইজে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰা লগতে বিদ্যালয়খনক সুৰক্ষিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷

লগতে পঢ়ক :Drugs seized: মহানগৰীত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details