অসম

assam

বন্যহস্তীয়ে নিদ্ৰা হৰিছে শ্ৰী পুৰবাসীৰ

ETV Bharat / videos

Wild Elephant tense situation: বন্যহস্তীয়ে নিদ্ৰা হৰিছে শ্ৰীপুৰবাসীৰ - Wild Elephant tense situation

By

Published : Mar 10, 2023, 10:41 PM IST

নলবাৰী, ১০ মাৰ্চ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে হাতী মানুহৰ সংঘাতৰ ঘটনা (Man Elephant conflict)৷ এইবাৰ নলবাৰীৰ শ্ৰীপুৰত এটা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলায় । বন্যহস্তীৰ জাকটোৱে বৃহস্পতিবাৰে নিশা অঞ্চলটোত থকা কলগছকে ধৰি বিভিন্ন খেতি খাই তহিলং কৰে (Wild Elephant create havoc)। বনহস্তীৰ জাকটোৱে গাঁওখনৰ ব্ৰজ কলিতাৰ লগতে কেইবাটাও পৰিয়ালৰ বিভিন্ন সামগ্ৰী লণ্ডভণ্ড কৰি ক্ষতিসাধন কৰে ।

ইয়াৰ পূৰ্বে দুবাৰকৈ বন্যহস্তীৰ জাকটোৱে অঞ্চলটোত উপদ্ৰৱ চলাইছিল । স্থানীয় ৰাইজে বন বিভাগক এই সন্দৰ্ভত বহুবাৰ অৱগত কৰিছিল যদিও বন বিভাগৰ লোকে কোনো ধৰণৰ পদক্ষেপ নোলোৱাত এতিয়া গঞা চিন্তিত হৈ পৰিছে (Wild Elephant tense situation)। বন বিভাগৰ লোকক অতি সোনকালে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায় স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, বন্যহস্তীৰ উপদ্ৰৱত বিগত ডেৰমাহে আতংকিত হৈ আছে নলবাৰীৰ উত্তৰাঞ্চলৰ লোকসকল । 

লগতে পঢ়ক:শিক্ষকৰ ঘৰৰ পৰা 14 লক্ষাধিক মূল্যৰ সামগ্ৰী লৈ উধাও চোৰ

ABOUT THE AUTHOR

...view details