অসম

assam

Weightlifting Competition: নগাঁও ছোৱালী মহাবিদ্যালয়ত ভাৰোত্তোলন প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:25 PM IST

নগাঁও ছোৱালী মহাবিদ্যালয়ত ভাৰোত্তোলন প্ৰতিযোগিতা

নগাঁও,২৮ ছেপ্টেম্বৰ: বৃহস্পতিবাৰে দিনৰ ১ বজাত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ মুক্তাংগন মুকলি মঞ্চত জিলা ভিত্তিক ৱেইটলিফটিং প্ৰতিযোগিতা অনুষ্ঠিত হয় । নগাঁও ছোৱালী মহাবিদ্যালয়ত পুণৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনকলৈ উৎফুল্লিত ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়ৰ পৰিয়াল ।  

অসম ৱেইটলিফটিং এছোচিয়েশ্বনৰ স্বীকৃতি প্ৰাপ্ত নগাঁও জিলা ৱেইটলিফটিং সন্থাৰ উদ্যোগত আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ত সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত প্ৰায় ৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । নগাঁও জিলা ৱেইটলিফটিং সন্থাৰ কাৰ্যকৰী সভাপতি নানু দাসে জানিব দিয়া মতে নগাঁৱৰ মহিলা, ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে যাতে আগন্তুক সময়ত নগাঁৱৰ মহিলা যুৱতীসকলে এই ক্ষেত্ৰত আগভাগ ল'ব পাৰে ।

লগতে পঢ়ক:Assam BJP: লুৰীণজ্যোতি গগৈৰ পৰা সাম্প্ৰদায়িকতাৰ সংজ্ঞা লাগে ৰাজ্যিক বিজেপিক

ABOUT THE AUTHOR

...view details