INDIA Row: INDIA বুলি কোৱাৰ পূৰ্বে ‘ভাৰত’ বুলি কম, ইয়াত বিতৰ্ক নাই; হিমন্ত বিশ্ব শৰ্মা - ভাৰত
Published : Sep 6, 2023, 5:29 PM IST
নলবাৰী, 6 ছেপ্টেম্বৰ:INDIA বিতৰ্কক লৈ তোলপাৰ লাগিছে দেশৰ ৰাজনীতি ৷ বিৰোধী মিত্ৰজোঁৰ নাম I.N.D.I.A ৰখাৰ পাছতে এতিয়া অস্বস্তিত পৰিছে শাসকীয় বিজেপি ৷ যাৰ বাবে দেশৰ নাম INDIAৰ সলনি ‘ভাৰত’ কৰাৰো পোষকতা কৰিছে চৰকাৰে ৷ ইয়াকে লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
তেওঁ কয় যে ভাৰত নামটো কোনেও সমৰ্থন বা গ্ৰহণ কৰিব নালাগে, কিয়নো 5 হেজাৰ পূৰ্বৰ পৰাই আমাৰ দেশখনৰ নাম ‘ভাৰত’ ৷ 2016 চনত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এটা ৰায়দানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,‘‘কোনোবাই ইচ্ছা কৰিলে ‘ভাৰত’ অথবা ‘INDIA’ বুলি ক’ব পাৰে ৷ দুয়োটা নাম পৰিপূৰক ৷ INDIA এটা ইংৰাজী নাম ৷’’
নিজকে খাৰখোৱা অসমীয়া বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘আমি ইংৰাজী বা হিন্দী শব্দ এটা ব্যৱহাৰ কৰাৰ পূৰ্বে আমি অসমীয়া শব্দ এটা কম ৷ ‘নমস্তে’ বুলি কোৱাৰ পূৰ্বে আমি ‘নমস্কাৰ’ বুলি কম ৷ সেইদৰে INDIA বুলি কোৱাৰ পূৰ্বে আমি ‘ভাৰত’ বুলি কম ৷ যদি বিদেশলৈ যাওঁ তেন্তে ‘INDIA’ বুলি কম ৷ ইয়াক লৈ বিতৰ্ক কৰাৰ প্ৰয়োজন নাই ৷’’
লগতে পঢ়ক:Electricity Price Hike: ডিচেম্বৰ মাহলৈকে ৰাজ্যত নাটনি হ’ব বিদ্যুৎ; মুখ্যমন্ত্ৰী