অসম

assam

হাতীপুখুৰী গাঁৱৰ ৰাইজ খোৱা পানীৰ পৰা বঞ্চিত

ETV Bharat / videos

Public deprived from drinking water: এবছৰে বিকল ফুলগুৰি হাতীপুখুৰীৰ পানী যোগান আঁচনি - Public deprived from drinking water

By

Published : Jul 29, 2023, 8:27 PM IST

ৰঙাপৰা, ২৯ জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰে লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰিছে বিশুদ্ধ খোৱাপানী যোগান আঁচনি । গ্ৰামাঞ্চলৰ ৰাইজক এটুপি বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে পানী যোগান আঁচনি সমূহ স্থাপন কৰিছে ৷ সম্প্ৰতি এই আঁচনি সমূহৰ একাংশ আঁচনি ধোঁৱা চাঙলৈ পৰিণত হোৱাৰ অভিযোগ উঠিছে । ৰঙাপৰাৰ এখন পানী যোগান আঁচনিও এতিয়া ভালুকৰ সাঙী হৈছে ।  

সময়মতে বিভাগটোৱে মেৰামতি নকৰাৰ ফলত জহি-খহি গৈছে একাংশ পানী যোগান আঁচনি । হাবি-জংঘলে আৱৰি ধৰিছে এই কেন্দ্ৰসমূহ । চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ চৰম অৱহেলাৰ বাবে ৰঙাপৰাৰ এখন পানী যোগান আঁচনি সম্প্ৰতি পৰি আছে বিকল অৱস্থাত। বিগতএবছৰ ধৰি হাতীপুখুৰী গাঁৱৰ ৰাইজে খোৱা পানীৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উঠিছে ।  

সম্প্ৰতি এই পানী যোগান আঁচনিখনত উলমি আছে এটা প্ৰকাণ্ড তলা । হাবি-জংঘলৰে আগুৰি ধৰিছে চৰকাৰে নিৰ্মাণ কৰা পানী যোগান আঁচনিখন । হাতীপুখুৰী গাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে নিৰ্মাণ কৰা পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Syndicate in Assam: বিজেপিৰ সভাপতি ভৱেশ‌ কলিতাক অসমৰ ছিণ্ডিকেটৰ মহানায়ক আখ্যা কংগ্ৰেছৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details